Road Accident

অৰুণাচল প্ৰদেশত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু অসমৰ চাৰিজন লোকৰ। পাহাৰৰ পৰা প্ৰকাণ্ড শিল গাড়ীৰ ওপৰত বাগৰি পৰাৰ ফলতেই মৃত্যু হয় চাৰিজন লোকৰ। অৰুণাচল প্ৰদেশৰ ১৩নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল দলটো। আৰু অনুষ্ঠান সামৰি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ভূমিস্খলনৰ ফলত তেওঁলোকৰ গাড়ীৰ ওপৰত বাগৰি পৰে এটা প্ৰকাণ্ড শিল। যাৰ ফলত থিতাতে মৃত্যু হয় চাৰিওজন লোকৰ।