ভয়ংকৰ পথ দুৰ্ঘটনা! বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ১১জন লোকৰ মৃত্যু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ........

Accident

এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ১১ জনকৈ লোকৰ। আগ্ৰা–জয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। বুধবাৰে পুৱাৰ ভাগত ৰৈ থকা এখন বাছত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে এখন ট্ৰাকে। জানিব পৰা মতে, বাছখন গুজৰাটৰ ভাৱনগৰৰ পৰা মথুৰালৈ গৈ আছিল আৰু কিছু জিৰণীৰ বাবে ৰখাই থোৱা হৈছিল পথৰ দাঁতিত। সেই সময়তে তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে বাছখনত। এই দুৰ্ঘটনাত বাছখনত থকা ১১জন লোকৰ থিতাতে মৃত্যু হয় আৰু কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

ভৰতপুৰৰ এছ পি মৃদুল কছৱাৰ মতে, দুৰ্ঘটনাত ১১জন লোকৰ মৃত্যু হৈছে। এজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাজনো সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহতসকলক ওচৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ADMIT


আনহাতে, এই হৃদয়বিদাৰক ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীয়ে ভৰতপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক পিএমএনআৰএফৰ পৰা ২ লাখ আৰু আহতসকলক ৫০,০০০ টকা দিয়াৰ ঘোষণা কৰে।

modi

"পিএমঅ'ৰ পৰা টুইটত মোডীয়ে কয় যে, ৰাজস্থানৰ ভৰতপুৰত সংঘটিত পথ দুৰ্ঘটনা অতি দুখজনক। প্ৰাণ হেৰুওৱা ভক্তসকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো। মই আহত সকলোৰে দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।"

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও ১১জন লোকৰ মৃত্যুক শোক প্ৰকাশ কৰিছে। ছচিয়েল মিডিয়াযোগে গেহলটে কয়, "ভৰতপুৰত গুজৰাটৰ পৰা তীৰ্থযাত্ৰাৰ বাবে যোৱা ভক্তৰ বাছ আৰু ট্ৰেইলাৰৰ সংঘৰ্ষত ১১জন লোকৰ মৃত্যুৰ ঘটনাত অত্যন্ত দুখজনক। আৰক্ষী–প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে। মই মৃত লোকসকলৰ আত্মাৰ শান্তি আৰু পৰিয়ালক শক্তি দিয়াৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ঈশ্বৰে আহতসকলক সোনকালে সুস্থ কৰি তোলক।"


 

Category
Profile picture for user UB Photos