আকৌ দুৰ্ঘটনা! দ্ৰুতবেগী বলেৰ’ পিকআপ ভানৰ খুন্দাত মৃত্যু দুগৰাকী মহিলাৰ........

Accident

পুৱাই নলবাৰীৰ বৰুৱাপুটাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা যাত্ৰীবাহী টেম্প’ এখনত প্ৰচণ্ড খুন্দা মাৰে বলেৰ’ পিকআপ ভেনে। হাজো-দৌলাশাল পথত ৰৈ থকা যাত্ৰীবাহী টেম্প’খনত এখন ব’লেৰো পিক আপ ভেনে প্ৰচণ্ড খুন্দা মাৰি পলায়ন কৰে।

উল্লেখ্য যে, এই দুৰ্ঘটনাটোত টেম্প' খনত থকা দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন চাৰিগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। নিহত মহিলা দুগৰাকীৰ নাম মলয়া কাকতি আৰু ৰিংকু বৰ্মন বুলি জানিব পৰা গৈছে। আহত চাৰিগৰাকী মহিলাৰ নাম থুনু তালুকদাৰ, ৰূপালী পাঠক, কবিতা মেধি আৰু জোনালী মেধি। 

accident

আনহাতে, নিহত দুয়োগৰাকী মহিলা একেখন গাঁৱৰে আছিল বুলি জানিব পৰা গৈছে। স্থানীয় লোকে আটাইকেইগৰাকী মহিলাকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও আহত চাৰিওগৰাকী গুৰুতভাৱে আহত হোৱাত চিকিৎসকে GMCHলৈ প্ৰেৰণ কৰে। 

নিহত দুয়োগৰাকী মহিলাৰে ঘৰ বৰুৱাপুটাত আছিল বুলি জানিব পৰা গৈছে। মহিলাকেইগৰাকী থকা টেম্পোখনৰ নম্বৰ AS-14C-4620।

উল্লেখযোগ্য যে মহিলাৰ দলটোৱে কামৰূপ জিলাৰ পছৰীয়াৰ ইমামি কোম্পানীত কাম কৰে। সেই সূত্ৰে মহিলাকেইগৰাকীয়ে প্ৰতিদিনে মুকালমুৱাৰ পৰা পছৰীয়াৰলৈ যায়। আজিও মহিলা কেইগৰাকীয়ে টেম্পোখনেৰে পছৰীয়ালৈ যাবলৈ লওঁতেই ৰখাই থোৱা টেম্পোখনত বলেৰ’ পাকআপ ভেনখনে খুন্দিয়াই পলায়ন কৰে।

Category
Profile picture for user UB Photos