চাপৰৰ শালকোচাত মেলাৰ নামত অবৈধ জুৱাৰ ৰমৰমীয়া বেহা!
শালকোচাৰ পুখুৰীপাৰাত মুকলিকৈ চলিছে জুৱা।
পুখুৰীপাৰাত জাণ্ডী-মুণ্ডা আৰু কেৰকেৰি খেলৰ আড্ডা!
উৎসৱৰ আনন্দৰ আঁৰত জুৱাৰ ক'লা সাম্ৰাজ্য!
মেলাৰ নাম লৈ চলিছে লাখ লাখ টকাৰ জুৱাৰ কাৰবাৰ।
কোনো গোপন স্থানত নহয়, একেবাৰে মুকলিকৈ চলিছে এই অবৈধ বেহা।
কেমেৰাত বন্দী হৈছে জুৱা খেলৰ সমগ্ৰ দৃশ্য।।
প্ৰশ্ন হয়, মেলাৰ নামত এনে অবৈধ কাৰবাৰ চলাবলৈ অনুমতি দিলে কোনে?
মেলাৰ নামত চলা এই কাৰবাৰে উদঙাইছে আৰক্ষীৰ চৰিত্ৰ।।
আৰক্ষীৰ চকুত পৰা নাইনে এই জুৱাৰ আড্ডা?
নে সকলো দেখিও চকু মুদা কুলিৰ ভাও শালকোচা আৰক্ষীৰ?
মেলাৰ নামত জুৱাৰ বেহা চলিব, আৰক্ষী-প্ৰশাসন নীৰৱে থাকিব—এয়া কেনেধৰণৰ ব্যৱস্থা?
এতিয়া শালকোচা আৰক্ষীৰ ওচৰত ৰাইজৰ প্ৰশ্ন—এই অবৈধ মুকলি জুৱাৰ বিৰুদ্ধে কেতিয়া চলিব অভিযান?
- Log in to post comments