মৰ্মান্তিক! ভয়ংকৰ পথদুৰ্ঘটনাত প্ৰাণ গ'ল একেটা পৰিয়ালৰে ২ জনকৈ লোক, আহত ৬ জন.....

Accident

ডিব্ৰুগড়ৰ লেপটাকাটা অঞ্চলত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু ইনোভাৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় দুজনকৈ লোক।

খবৰ অনুসৰি, AS01JC3076 নম্বৰৰ এখন ইনোভা গাড়ীৰ সৈতে হাৰিয়ানাৰ পঞ্জীয়ন থকা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হোৱা দুজনৰ এগৰাকী পুষ্পা সুৰেখা আগৰৱাল আৰু আনজন গাড়ীখনৰ চালক বুলি জানিব পৰা গৈছে।

accident

আনহাতে, এই পথ দুৰ্ঘটনাত ৬ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহতসকল হৈছে সতীশ কুমাৰ আগৰৱাল, পম্পি আগৰৱাল, কৃষ্ণ কুমাৰ আগৰৱাল, নিৰ্মল কুমাৰ আগৰৱাল, নমল আগৰৱাল আৰু গোলো আগৰৱাল। আৰক্ষীৰ মতে, আটাইকেইজনই একেটা পৰিয়ালৰ আৰু তেওঁলোক গুৱাহাটী মহানগৰীৰ বাসিন্দা।

উল্লেখ্য যে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে আহত সকলক চিকিৎসাৰ বাবে এ এম চি এইচ লৈ প্ৰেৰণ কৰিছে। 

Category
Profile picture for user UB Photos