বৰপেটাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন, আহত ৩জন.......

barpeta

বুধবাৰে নিশা বৰপেটাৰোডত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শিমলাগুৰীত ডাম্পাৰ- অলটোৰ মুখামুখি সংঘৰ্ষত দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত তিনিজন। বৰপেটাৰোডৰ শিমলাগুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰী আৰক্ষী পোহৰা চকীৰ সন্মুখতে এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। তীব্ৰবেগী ডাম্পাৰে ALTO K10 বাহনক মহতিয়াই নিয়াত দুজনকৈ যুৱক নিহত হোৱাৰ বিপৰীতে আন তিনিজনকৈ যুৱক গুৰুতৰভাবে আহত হয় ৷ আহত যুৱক সকলক সংকটজনক অৱস্থাত নিশাই বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, পথ দুৰ্ঘটনাত নিহত সৰভোগৰ আহোম পথাৰৰ যুৱক ঋতুমনি ৰয় আৰু আমগুৰি টেঙা গাওঁৰ নিৰ্মল দাস বুলি জানিব পৰা গৈছে ৷ আনহাতে গুৰুতৰভাৱে আহত হোৱা লোক তিনিজন ক্ৰমে জিতুমনি ৰয়,দ্বীপজ্যোতি ৰয় আৰু জুয়েলজ্যোতি ৰয় বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, সৰভোগৰ এই পাঁচ গৰাকী বন্ধুৱে ALTO K10 বাহনেৰে মাজনিশা হাউলীৰ পৰা সৰভোগ অভিমুখে আহি থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰীত নিৰ্মাণ হৈ থকা উৰণীয়া সেতুৰ কাষ আহি পোৱাৰ লগে লগে বিপৰীত দিশৰ পৰা গৈ থকা AS 28C 9035 নম্বৰৰ ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ আহত যুৱক তিনিজনক প্ৰথমতে বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত যুৱক তিনিজনক বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হয় ৷

আনহাতে,  সৰভোগৰ নিৰ্মল দাস নামৰ যুৱকজনে নতুন পাৰ্লাৰৰ ব্যৱসায় আৰম্ভ কৰিছিল। দুৰ্ঘটনাত পতিত হোৱা ALTO K 10 গাড়ীখন কালিয়ে ক্ৰয় কৰিছিল সৰভোগত নতুনকৈ মুকলি কৰা এটি নতুন শ্ব’ৰুমৰ পৰা ৷ নিশা বন্ধু সকলক লৈ ক্ৰয় কৰা নতুন বাহনখনেৰে নিশা ফুৰিবলৈ আহোতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ উক্ত ঘটনাৰ পিছতে সমগ্ৰ সৰভোগৰ অঞ্চলতে শোকৰ ছাঁই বিৰাজ কৈছে।

Category
Profile picture for user UB Photos