UB Photos

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু নাই।

৫৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট শিল্পীগৰাকীৰ।

আজি পুৱা ৬.১৫ বজাত চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই।

বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল শৰ্মা।

কিছুদিন পূৰ্বে উন্নত চিকিৎসাৰ বাবে চেন্নাই লৈ গৈছিল শিল্পীগৰাকীক।

১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল দীপক শৰ্মাই।

গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল বাঁহীবাদকগৰাকী।

বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক মহলত শোকৰ ছাঁ।