latest News

ৰাছিয়াৰ লুনা-২৫য়ে মহাকাশযান চন্দ্ৰত অৱতৰণৰ পূৰ্বে নিয়ন্ত্ৰণ হেৰুৱাই বিফল হোৱাৰ পাছতেই বিশ্বতে সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ। ইয়াৰ পাছতে এই অভিযানত কাম কৰা এগৰাকী আগশাৰীৰ পদাৰ্থবিজ্ঞানী তথা জ্যোতিৰ্বিজ্ঞানীক মস্কোৰ এখন চিকিৎসালয় ভৰ্তি কৰোৱাৰ কথা প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। অসুস্থ হৈ চিকিৎসালয় ভৰ্তি হোৱা ৰাছিয়ান বিজ্ঞানীজনৰ নাম হৈছে মিখাইল মাৰোভ।