এটা ভয়ংকৰ পথ দুৰ্ঘটনা! নিমিষতে প্ৰাণ হেৰুৱালে ৭জনকৈ লোকে; আচলতে ভূল কাৰ? সুৰাপায়ী চালকৰ নে সাধাৰণ যাত্ৰীৰ?......

Accident

যোৱাকালি নিশা প্ৰায় ১০.৩০ মান বজাত তিনিচুকীয়া জিলাৰ কাকপথাৰ বৰডিৰাকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ৭ জন লোক থিতাতে নিহত হোৱাৰ লগতে ১২ জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। 

accident

উল্লেখ্য যে, ডুমডুমাৰ সাপ্তাহিক বজাৰৰ পৰা ঘৰলৈ উভতাৰ পথত এখন মেজিক মালবাহী গাড়ী আৰু নামচাই পৰা তিনিচুকীয়া অভিমুখী এখন পাঞ্জাব বদী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

accident

এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকল হ’ল বিনীতা (বিলি) বৰুৱা, ৰীণা গগৈ, মিহিধৰ নেওগ, পবেন মৰাণ, কুলাই মেছ, পল্লৱী দহোটীয়া। আনহাতে, আহতসকল ক্ৰমে অতুল গগৈ, বুৰঞ্জীত মৰাণ, জোনালী মৰাণ, বিকাশ নেওগ, গোলেশ্বৰ মৰাণ, মনো মৰাণ, যশোদা মৰাণ, লক্ষিমণী মৰাণ, এবলতা মৰাণ, পিংকী মৰাণ আৰু মাকন গগৈ। আহতসকলক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। 

accident

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS23 CC 8930 আৰু টাটা মেজিক খনৰ নম্বৰ AR 20 AA1093। ডুমডুমাৰ মংগলীয়া বজাৰৰ পৰা ডিৰাক সোণজানৰ বাসগৃহলৈ টাটা মালবাহী মেজিকেৰে গৈ থকা অৱস্থাত ট্ৰাকৰ লগত হোৱা সংঘৰ্ষ হোৱাত মৃত্যু হয় এইসকল লোকৰ।

জানিব পৰা মতে, ট্ৰাকখনৰ চালকে সুৰাপান কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। অত্যধিক মদ্যপান কৰি অৰুণাচল প্ৰদেশৰ দিশৰ পৰা আহি আছিল বুলি জানিব পৰা গৈছে। 
 

Category
Profile picture for user UB Photos