ৰাকেশ পালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
অসম লোকসেৱা আয়োগৰ বহু চৰ্চিত নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল কাৰাগাৰত স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ বাবে আদালতত জামিন বিচাৰি আবেদন জনাইছিল । তাৰ পিছতে ন্যায়াধীশ কল্যাণ ৰায় সুৰাণা আৰু ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠে ৰাকেশ পালৰ জামিন মঞ্জুৰ কৰে ।
আদালতৰ কঠোৰ চৰ্ত সাপেক্ষে ২০২৭ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে বা আপীল নিষ্পত্তি নোহোৱালৈকে ৰাকেশ পালক এই সাময়িক সকাহ প্ৰদান কৰা হৈছে । আদালতে লগতে স্পষ্ট কৰি দিয়ে যে ২০২৭ চনৰ ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত যদি সংশ্লিষ্ট ফৌজদাৰী আপীলৰ নিষ্পত্তি নহয় তেন্তে পৰিস্থিতিৰ প্ৰয়োজন অনুসৰি ৰাকেশ পালে জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন জনাব পাৰিব ।
ৰাকেশ পালৰ অধিবক্তাই আবেদনত আদালতক জনাই যে তেওঁৰ পত্নীৰ দুয়োটা বৃক্ক বিকল হৈছে । সেয়ে জৰুৰীভাৱে বৃক্ক সংৰোপণৰ প্ৰয়োজন । এনে পৰিস্থিতিত পত্নীৰ চিকিৎসাৰ বাবে পালৰ উপস্থিতি অতি জৰুৰী বুলি আবেদনত উল্লেখ কৰা হৈছে । ৰাকেশ পালে ইতিমধ্যে ৮ বছৰতকৈও অধিক সময় কাৰাগাৰত কটাইছে । তেওঁৰ আপীলৰ চূড়ান্ত শুনানি শীঘ্ৰে নিষ্পত্তি হোৱাৰ সম্ভাৱনা কম বুলি আদালতে উল্লেখ কৰিছে ।
- Log in to post comments