ভয়ংকৰ পথ দুৰ্ঘটনা! পাহাৰৰ পৰা প্ৰায় ২০০ ফুট তললৈ সৰি পৰিল ট্ৰাক আৰু টাটা চুমু, থিতাতে নিহত ৮ জন.......

nagaland

বুধবাৰে পুৱা নাগালেণ্ডৰ চেমিনিউ জিলাৰ অন্তৰ্গত কে.ষ্টেচন ভিলেজত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত নিহত ৮ জন কৈ লোক।

উল্লেখ্য যে, মোককচুঙৰ পৰা যাত্ৰী লৈ এখন টাটা চুমু গাড়ী কহিমালৈ গৈ আছিল। যাত্ৰীবাহী টাটা চুমু আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো। জানিব পৰা মতে, বালিৰ বোজা কঢ়িয়াই আনিছিল এল পি ট্ৰাকখনে।

nagaland

আনহাতে, দুৰ্ঘটনাটোত প্ৰায় ১০০/১৫০ ফুট তলত দুয়োখন বাহন পৰি যায় ৷ পথৰ পৰা দুয়োখন গাড়ী পাহাৰৰ তললৈ বাগৰি পৰে আৰু ছুম’খনৰ ওপৰত বালিভৰ্তি ট্ৰাকখন বাগৰি পৰাত ছুম’খন সম্পূৰ্ণৰূপে চুচূৰ্মৈ হৈ পৰে।

উল্লেখযোগ্য যে, দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী টাটা চুমু খনৰ ওপৰত মালবাহী ট্ৰাক খন পৰি যোৱাৰ বাবে যাত্ৰীবাহী বাহন খনৰ ৭ জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ খবৰ অনুসৰি দুৰ্ঘটনাটোত থকা এগৰাকী মহিলা যাত্ৰীক বাদ দি বাকীসকলক উদ্ধাৰ কৰিব পৰা হোৱা নাই। 

nagaland

ইফালে এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হোৱা মহিলা যাত্ৰীগৰাকীক ক'হিমাৰ অকিং হাস্পতাললৈ লৈ যোৱাৰ আদবাটতে মৃত্যুবৰণ কৰে। মৃত মহিলা গৰাকীৰ নাম চুনলিখা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাৰ কিছুসময় পিছতেই আৰক্ষী উপস্থিত হয়। উদ্ধাৰকাৰী ভানৰ সৈতে দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা ৱখা পি এছ এছ ডি পি অ’ চেমিনিউৰ নেতৃত্বত চেমিনিউ আৰক্ষীৰ সৈতে উদ্ধাৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।
 

Category
Profile picture for user UB Photos