UB News

এক শোকাৱহ দুৰ্ঘটনাত মৃত্যুত ছাত্ৰৰ। উত্তৰ গুৱাহাটী লেঙাত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা। মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত দ্বীপেন কলিতা (১৭) নামৰ এজন ছাত্ৰৰ মৃত্যু।

জানিব পৰা মতে, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ দ্বীপেন কলিতাই চাংসাৰী কলেজত পৰীক্ষা দি উভতাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো।উত্তৰ গুৱাহাটী লক্ষ্যধৰ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ আছিল দ্বীপেন কলিতা ।
১৭ বছৰীয়া মেধাবী যুৱকজনৰ ঘৰ কুৰুৱাত ।