বিশ্বকৰ্মা পূজাৰ নিশা ৰাজ্যৰ প্ৰায় ভিন্ন প্ৰান্তত ৬ টাতকৈও অধিক দুৰ্ঘটনা সংঘটিত হয়! যাৰ ফলত ৪ জন লোক নিহত হোৱাৰ লগতে আহত বহু কেইজন.........

accident

বিশ্বকৰ্মা পূজাৰ নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। পৃথকে পৃথকে সংঘটিত হোৱা দুৰ্ঘটনাত নিহত ৪ জনকৈ লোক। আনহাতে গুৰুতৰভাৱে কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

মহানগৰীত পুনৰ হিট এণ্ড ৰাণ। নিশা প্ৰায় ২ বজাত মহানগৰীৰ গণেশগুৰি উৰণীয়া সেতুৰ তলত দুৰ্ঘটনা সংঘটিত হয়।। তীব্ৰবেগী বাহনে মহটিয়াই নিয়াৰ ফলত থিতাতে নিহত এজন লোক। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখনে।

আনহাতে, চানমাৰি উৰণীয়া সেতুৰ ওপৰত ভয়ংকৰ দুৰ্ঘটনা। পথৰ দাঁতিত ৰখাই থোৱা AS 01 FL 8845 নম্বৰৰ এখন বাহনত খুন্দা মাৰে AS 01 EA 1964 নম্বৰৰ এখন দ্ৰুতবেগী বাহনে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ৪জন। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই সৃষ্টি হয়  তীব্ৰ যানজঁটৰ।  পৰৱৰ্তী সময়ত আৰক্ষী আহি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

আনহাতে, বকোৰ নাগোপাৰাৰ ১৭ নং ৰাষ্ট্ৰী ঘাইপথতো সংঘটিত হয় ভয়ংক দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মাৰে এখন ট্ৰাকে। দুৰ্ঘটনাত থিতাতে নিহত হয় ট্ৰাকখনৰ হেণ্ডিমেন জন। দুৰ্ঘটনাৰ পিছত সংঘটিত হোৱাৰ পিছতো বহু সময়লৈকে ট্ৰাকৰ মাজতেই আবদ্ধ হৈ থাকে হেণ্ডিমেনজন। পৰবৰ্তী সময়ত SDRFৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ।

আনফালে বৰপেটা ৰোডটো সংঘটিত হয় এক পথ দুৰ্ঘটনাৰ। ৰে’ল লাইনৰ কাষৰ পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ। মৃতদেহটো সৰভোগৰ বগলামাৰীৰ কিশোৰ কুমাৰ দাসৰ। ঘটনাস্থলীত উদ্ধাৰ AS01DK1341 নম্বৰৰ এখন বাইক।


বিশ্বকৰ্মা পূজাৰ নিশা মৰিগাঁৱৰ জয়াবাৰীতো ভয়ংকৰ দুৰ্ঘটনা। মটৰচাইকেল, ই–ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত মৰিগাঁও চৰাইবাহীৰ ৰিণ্টু শইকীয়াৰ।  


জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো নিশা দুৰ্ঘটনা। দুখন বাইকৰ মাজত হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত তিনিজন। দুৰ্ঘটনাৰ পিছত উত্তপ্ত হৈ পৰে পৰিস্থিতি। বহু সময় ধৰি এম্বুলেঞ্চ নোপোৱাত ক্ষুদ্ধ হৈ পৰে ৰাইজ। 


 

Category
Profile picture for user UB Photos