Loksabha Election

ইতিমধ্যেই আৰম্ভ হৈছে কাউণ্ট-ডাউন। আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন। আজি অন্ত পৰিব সকলোৰে অপেক্ষাৰ। বিয়লি ৩ বজাত নিৰ্বাচন আয়োগে সংবাদমেল জড়িয়তে ঘোষণা কৰিব নিৰ্বাচনৰ দিন। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে দেশজুৰি বলৱৎ নিৰ্বাচনী আচৰণ বিধি।

লগতে, সংবাদমেলযোগে প্ৰকাশ কৰিব লোকসভা নিৰ্বাচনৰ সূচী। প্ৰকাশ পাব চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচীও। আজিৰ পৰাই বলৱৎ হ’ব নিৰ্বাচনী বিধি। কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। অসমত এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। বিহুৰ পূৰ্বেই অসমত অনুষ্ঠিত হ’ব পাৰে ভোটগ্ৰহণ।