লোকসভা নিৰ্বাচনক লৈ তৎপৰ কামৰূপ মহানগৰ প্ৰশাসন! সাজু হৈছে ভোটাৰ তালিকা, ভোটকেন্দ্ৰ......

loksabha

লোকসভা নিৰ্বাচনক লৈ তৎপৰ কামৰূপ মহানগৰ প্ৰশাসন
সাজু হৈছে ভোটাৰ তালিকা, ভোটকেন্দ্ৰ
কামৰূপ (ম) জিলাত আছে ১,০২৬টা ভোটকেন্দ্ৰ
ইয়াৰে ১০২টা ভোটকেন্দ্ৰ পৰিচালনা কৰিব মহিলাই

ৰাজ্যৰ ভিতৰতে কামৰূপ (ম) জিলাত ভোটদানৰ হাৰ কম
ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ প্ৰশাসনৰ
হাউছিং, চ’ছাইটি, স্কুল, কলেজত অনুষ্ঠিত হৈছে সজাগতা সভা
নতুন ভোটাৰক ভোটদান কৰাৰ বাবে বিশেষ পদক্ষেপ

যোৱা বৰ্ষৰ তুলনাত ১০% ভোটাদানৰ হাৰ বৃদ্ধিৰ লক্ষ্য
কামৰূপ মহানগৰ জিলাত আছে ৩৫ তৃতীয় লিংগৰ ভোটাৰ
১০ লাখতকৈ অধিক ভোটাৰ আছে কামৰূপ (ম) জিলাত

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী শুভংকৰ মুকলি। কদমী আৰু টোটোলা নামৰ দুটা হাৰগিলা হল শুভংকৰ। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সাত্তাৱন। উপস্থিত থাকে জিলা আইকন অভিনেতা দিগন্ত হাজৰিকা আৰু পূৰ্ণিমা দেৱী বৰ্মন।
 

Category
Profile picture for user UB Photos