লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা অসমৰ কংগ্ৰেছ প্ৰাৰ্থী তালিকা, কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব?.......

congress

লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। নতুন দিল্লীত AICCৰ সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰা হৈছে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা।  AICCৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল ৰাৱে যোৱাকালি নতুন দিল্লীত প্ৰাৰ্থিত্ব ঘোষণা কৰিলে। এতিয়ালৈকে ১২টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে।

উল্লেখ্য যে, যোৰহাটত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান। নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব প্ৰদ্যুৎ বৰদলৈ, গুৱাহাটীত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, ধুবুৰীত ৰকিবুল হুছেইনক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব, ডিফুত জয়ৰাম ইংলেঙক প্ৰাৰ্থিত্ব। 

ইফালে, কোকৰাঝাৰত কংগ্ৰেছ প্ৰাৰ্থী গৰ্জন মুছাহাৰী, দৰং-ওদালগুৰিত মাধৱ ৰাজৱংশীক প্ৰাৰ্থিত্ব, শিলচৰত সূৰ্যকুমাৰ সৰকাৰ, কাজিৰঙাত ৰ’জলীনা তিৰ্কী, কৰিমগঞ্জত হাফিজ ৰশিদ আহমেদ চৌধুৰী, শোণিতপুৰত প্ৰেমলাল গুঞ্জু, বৰপেটাত দ্বীপ বায়ন।

আনহাতে, প্ৰাৰ্থী তালিকাত নাই আব্দুল খালেকৰ নাম। বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেক। সমষ্টিটোৰ পৰা পুনৰ প্ৰাৰ্থিত্ব বিচাৰিছিল খালেকে।

Category
Profile picture for user UB Photos