কংগ্ৰেছলৈ আন এক সংকট! দুই বিধায়কৰ কংগ্ৰেছ ত্যাগৰ প্ৰস্তুতি.........

congress

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে বাৰুকৈয়ে অস্বস্তিত হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব। কংগ্ৰেছ বিধায়কে বিজেপিক মুকলি সমৰ্থন দিয়াৰ লগতে কেইবাজনো বিধায়ক সাজু হৈছে দল ত্যাগৰ বাবেও।

ইতিমধ্যেই কংগ্ৰেছৰ দুই বিধায়কে দল ত্যাগৰ প্ৰস্তুতি চলাইছে। বুধবাৰে অৰ্থাৎ আজি কংগ্ৰেছ এৰিব পাৰে দুজনকৈ বিধায়কে। এইবাৰ কংগ্ৰেছৰ দুই বিধায়কে বিজেপি নহয়, আঞ্চলিক দললৈ যাব বুলি খবৰ আহি পৰিছে।
 
জানিব পৰা মতে, দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভৰ বাবে কংগ্ৰেছ এৰিব দুজনকৈ বিধায়কে। শেহতীয়াকৈ ৰাজনৈতিক চৰ্চাক লৈ ৰাজীৱ ভৱনত কঁপনি সৃষ্টি হৈছিল। নতুন দিল্লীৰ পৰাই হুংকাৰ দিছে দলৰ সভাপতি ভূপেন বৰাই। দলবিৰোধী নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ সকীয়নি প্ৰদান কৰা হৈছে। 

উল্লেখ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ মাজত প্ৰাৰ্থিত্বক লৈ সংঘাত। নগাঁৱক লৈ মুকলি সংঘাত প্ৰদ্যুৎ বৰদলৈ-গৌৰৱ গগৈৰ। ধুবুৰীত ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কংগ্ৰেছ বিধায়কৰ। কংগ্ৰেছ সাংসদেও বিৰোধিতা কৰিছে ৰকিবুলৰ প্ৰাৰ্থিত্বৰ। শংকৰ প্ৰসাদ ৰায়ৰ মঙলবাৰে কংগ্ৰেছ ত্যাগ। নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ বিধ্বস্ত হোৱাক লৈ সৰৱ চৰ্চা।

Category