প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী অভিষেক! মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ৰাহুলক লৈ ৰোড শ্ব’ প্ৰিয়ংকাৰ...

priyanka Gandhi

ৰাজনীতিত বহু আগতেই অভিষেক ঘটিছিল ছোনিয়া-কন্যা প্ৰিয়ংকাৰ ৷ AICCৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা প্ৰিয়ংকাক সঘনে দেখা গৈছিল দলৰ নিৰ্বাচনী প্ৰচাৰত ৷ কিন্তু ভোটযুদ্ধত কাহানিও অৱতীৰ্ণ হোৱা নাছিল তেওঁ ৷ ভোটযুদ্ধত প্ৰিয়ংকা অৱতীৰ্ণ হোৱাক লৈ দীৰ্ঘদিনে চলি আহিছিল বিভিন্ন জল্পনা-কল্পনাও ৷ নিৰ্বাচন আহিলেই প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছিল প্ৰিয়ংকাৰ নাম 

বিগত লোকসভা নিৰ্বাচনো নাছিল ইয়াৰ ব্যতিক্ৰম ৷ বাৰাণসীত নৰেন্দ্ৰ - মোদীৰ বিৰুদ্ধে প্ৰিয়ংকাই প্ৰতিদ্বন্দ্বিতা কৰাক লৈ চলিছিল চৰ্চা। কিন্তু শেষ মুহূৰ্তত সেই কঠিন যুদ্ধত প্ৰিয়ংকাক অৱতীৰ্ণ কৰোৱাৰ পৰা বিৰত থাকিল দল ৷ 

অৱশেষত বুধবাৰে আহিল সেই দিনটো। ৱাইনাড় লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধী ভদ্ৰাই ৷ লগে লগে তেওঁৰ নাম জড়িত হৈ পৰিল নিৰ্বাচনী ৰাজনীতিৰে ৷ প্ৰিয়ংকাক মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে মাতৃ ছোনিয়া, ভাতৃ ৰাহুল, কংগ্রেছ সভাপতি মল্লিকার্জুন খাড়্গে আদিয়ে।

মনোয়ন দাখিলৰ পূৰ্বে  ভাতৃ ৰাহুলক লগত লৈ এক বিশাল ৰোড শ্ব’ত অংশ লয় প্ৰিয়ংকাই৷ ৰোড শ্ব’ৰ অন্তত এক সমাৱেশত প্ৰিয়ংকাই সম্বোধনো কৰিলে  সমষ্টিবাসীক ৷ সমাৱেশক সম্বোধন কৰে ৱাইনাড়ৰ প্ৰাক্তন সাংসদ তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়েও ৷ 

মনোনয়ন পত্ৰ দাখিলৰ বাবে মঙলবাৰেই মাতৃ ছোনিয়াৰ সৈতে গৈ ৱাইনাড়ত উপস্থিত হৈছিল প্ৰিয়ংকা ৷ মনোনয়ন দাখিলৰ পূৰ্বে স্থানীয় কংগ্রেছ নেতৃত্বৰেও বৈঠকত মিলিত হয় প্ৰিয়ংকা ।

এইবাৰৰ লোকসভা নিৰ্বাচনত ৱাইনাড় আৰু উত্তৰ প্রদেশৰ ৰায়বেৰেলীৰ পৰা জয়ী হৈছিল ৰাহুল গান্ধী। এই দুয়োটা সমষ্টিতে প্ৰচাৰত নামিছিল প্ৰিয়ংকা ৷ পৰৱৰ্তী পৰ্যায়ত যোৱা ১৭ জুনত ৱাইনাড়ৰ সাংসদ পদ ৰাহুলে ত্যাগ কৰিছিল। সেই সময়তে উপ-নিৰ্বাচনত ৱাইনাড়ৰ পৰা প্রিয়ংকাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল ৰাহুলে ৷ 
ৱাইনাড়ত প্ৰিয়ংকাৰ মূল প্ৰতিদ্বন্দ্বী CPIৰ সত্যন মোকেৰি। প্ৰিয়ংকাক প্ৰত্যাহ্বান  জনাবলৈ সাজু হৈছে বিজেপিৰ নব্যা হৰিদাসো  অহা ১৩ নৱেম্বৰত হ’ব ৱাইনাড়ৰ নিৰ্বাচন ৷ এই প্ৰত্যাহ্বান ওফৰাই প্ৰিয়ংকা অভিষেকতে লোকসভালৈ যাব পাৰে নে নোৱাৰে সেয়া স্পষ্ট হ’ব ২৩ নৱেম্বৰৰ ভোট গণনাত ৷
 

Category