Suicide Note

পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী নিখোজ। সন্ধানহীন মহিলা কনিষ্টবলগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ দিয়াৰ সন্দেহ কৰা হৈছে। কনিষ্টবলগৰাকীৰ নাম গায়ত্রী হাজৰিকা বুলি জানিব পৰা গৈছে। সন্ধানহীন গায়ত্ৰীৰ বয়স ৩৩ বছৰ। আনহাতে, গায়ত্রী হাজৰিকাৰ ঘৰ নগাঁৱৰ বঢ়মপুৰত বুলিও জানিব পৰা গৈছে। 

উল্লেখ্য যে, শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত আছিল গায়ত্রী। শিলসাঁকোত কৰ্তব্য পালন নকৰো বুলি গায়ত্রীয়ে কেইবাবাৰো শীৰ্ষ বিষয়াক জনাইছিল। তাৰ পিছতো গায়ত্রী হাজৰিকাৰ কথাক গুৰুত্ব নিদি শীৰ্ষ বিষয়াই শিলসাঁকোত নিয়োগ কৰা হৈছিল। 

জানিব পৰা মতে জণ্ডিছ ৰোগত আক্ৰান্ত আছিল গায়ত্রী হাজৰিকা।