হত্যা নে আত্মহত্যা? ৰাস্তাৰ কাষৰ গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ এগৰাকী TET শিক্ষক; কাষতে উদ্ধাৰ এখন Suicide Note......

Suicide

পুৱাই মহানগৰীৰ খানাপাৰাত উদ্ধাৰ এজন টেট শিক্ষকৰ মৃতদেহ। ৰাস্তাৰ কাষৰ এজোপা গছত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। ৰহস্যজনকভাবে উদ্ধাৰ হোৱা এই মৃতদেহটো প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত কৰিব পৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হৈছে।

suicide

জানিব পৰা অনুসৰি, উদ্ধাৰ হোৱা মৃতদেহটো প্ৰণৱ মিলি বুলি চিনাক্ত কৰা হৈছে। প্ৰণৱ মিলিৰ ঘৰ মাজুলীত। তেওঁ এগৰাকী TET শিক্ষক আছিল। প্ৰণৱ মিলি ধুবুৰীত শিক্ষক হিচাপে কৰ্মৰত আছিল। ২০১৬ চনত টেট শিক্ষক হিচাপে নিযুক্তি পাইছিল প্ৰণৱ মিলিয়ে। এই ঘটনাটোৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। 

suicide

নিশাৰ ভাগৰ পৰাই মৃতদেহটো সেই স্থানত দেখা পোৱা গৈছিল কিন্তু পুৱালৈকে আৰক্ষীয়ে খবৰ পোৱা নাছিল। পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। খবৰটো পোৱাৰ লগে লগে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত এয়া এক আত্মহত্যা বুলি সন্দেহ কৰা হৈছে।

কিয়নো প্ৰণৱ মিলিৰ ওচৰৰ পৰা উদ্ধাৰ হয় এখন ছুইচাইড নোট। 

suicide note

য’ত তেওঁ লিখে যে দৰমহা কম বাবে চলিব নোৱাৰে। তাৰপাছত লিখিছে- " ল’ৰা-ছোৱালী মাকৰ লগত থাকিব লগা হয়। সৰু ল’ৰা এটাও আছে। এছ বি আইত লোণ আছে। চলিব নোৱাৰি আজি এই সিদ্ধান্ত ল’লো। মোৰ মৃত্যুয়ে যাতে সিহঁতৰ জীৱনত ক্ষতি নকৰে মাননীয় মুখ্যমন্ত্ৰী, প্ৰশাসনক খাতিৰ কৰিলো। যিহেতু ১৫টা বছৰ চাকৰিকাল আছে। মোৰ পৰিবাৰৰ নামত অনতিপলমে অফিচৰ কাম-কাজ কৰি দিবৰ বাবে প্ৰাৰ্থনা জনালো। শান্তি পাব মোৰ আত্মাই"।

ঋণৰ বোজাৰ বাবে এই সিদ্ধান্ত ল’লে প্ৰণৱ মিলিয়ে। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ যো-জা কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

কিন্তু এটাৰ পাছত আন এটা হত্যাকাণ্ড সংঘটিত হৈ থকা গুৱাহাটীত কেতিয়া সাধাৰণ ৰাইজৰ সুৰক্ষা সুনিশ্চিত হ’ব তাকলৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।  


 

Category
Profile picture for user UB Photos