Guwahati

আজি অভিশপ্ত ৩০অক্টোবৰ । অসমবাসীৰ বাবে এটি ক’লা দিন। ২০০৮ চনত আজিৰ দিনটোতে সংঘটিত হৈছিল ধাৰিবাহিক বোমা বিস্ফোৰণৰ ঘটনা।

এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম। কঁপাই গৈছিল গুৱাহাটীৰ,গনেশগুৰি,পাণবজাৰ আৰু কাছাৰীকে ধৰি বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২টাকৈ বিস্ফোৰণে ।

নিৰীহৰ তেজেৰে ফাঁকু খেলিছিল NDFBয়ে।

২০০৮ চনৰ ৰাজ্য কঁপাই যোৱা সেই ধাৰাবাহিক বোমা বিস্ফোৰণে পাৰ কৰিলে ১৭ টা বছৰ। ২০০৮ চনৰ আজিৰ এই দিনটোতে অসমৰ চাৰি ঠাইত উগ্ৰপন্থীয়ে বোমা বিস্ফোৰণ কৰিছিল। NDFB বাহিনীয়ে অভিশপ্ত এই দিনটোতে খেলিছিল তেজৰ ফাঁকু।