গোলকগঞ্জত বিজেপি নেতাক হত্যা নে আত্মহত্যা?

Suicide bjp leader

মুখ্যমন্ত্ৰীলৈ বিজেপিৰ এজন নেতাৰ এখন বিশেষ চিঠি।

বিজেপিৰ দলীয় গ্রুপৰ যোগেদি মুখ্যমন্ত্ৰীলৈ বিশেষ অনুৰোধ। তাৰ পিছতেই উদ্ধাৰ মৃত দেহ। মঙলবাৰে পুৱতি নিশাই সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

৬জন কৈ ব্যক্তিৰ শাস্তি বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান, দোষীৰ শাস্তি বিচাৰিলে ভুক্তভোগী পৰিয়ালৰ লোকে।

উল্লেখ্য় যে, মঙলবাৰে পুৱতি নিশা গোলকগঞ্জৰ এখন বিদ্যালয়ত চিপ লোৱা অৱস্থাত উদ্ধাৰ হল বিজেপি নেতাৰ মৃতদেহ। গোলকগঞ্জ টাউন বিজেপিৰ কোষাধাক্ষ্য মৃতদেহ প্ৰত্যক্ষ কৰিলে ৰাইজে। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই হুৱা-দুৱা লাগিল গোলকগঞ্জত। কাৰণ বিজেপি নেতাজন আছিল এজন বিশিষ্ট ব্যৱসায়ী। বিজেপি নেতা কাৰ্ত্তিক কৰ্মকাৰৰ মৃত্যুৰ খবৰে আচৰিত কৰি তুলিলে গোলকগঞ্জৰ সচেতন মহলত।

এই ঘটনাক সহজভাৱে মানি লব পৰা নাই পৰিয়ালৰ লোকে । বিজেপি নেতাজনৰ একমাত্ৰ ভায়েক দুলাল কৰ্মকাৰে দাবী কৰিছে যে ঘটনাৰ উচিত তদন্ত হব লাগে। উল্লেখ্য যে চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা বিজেপি নেতাজনৰ পকেটৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰে এখন চুইছাইড নোট ।

জানিব পৰা মতে চুইছাইড নোটত ৬ জনকৈ লোক ক্ৰমে দুলাল ৰায় , ৰাক্কু তাতেৰ , অঞ্জু নেওগ, কানু ভট্ৰ , দেবান্দ ঠাকুৰ আৰু সুশান্ত কুমাৰ মণ্ডলৰ নাম উল্লেখ কৰে বিজেপি নেতা জনে।

অকল সেয়াই নহয় ৬জন ব্যক্তিৰ শাস্তি বিচাৰি মুখ্যমন্ত্ৰীলৈ জনাইছিল কাতৰ অনুৰোধ। এই চুইছাইড নোট এতিয়া বহুজনৰ মোবাইলে মোবাইলে। উল্লেখ্য যে ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে। আৰু এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে গোলকগঞ্জ আৰক্ষীয়ে।
 

Category
Profile picture for user UB Photos