হত্যা নে আত্মহত্যা! প্ৰথমতে সন্ধানহীন এগৰাকী মহীলা আৰক্ষী,তাৰ পাছত চুইচুইচাইড নোটসহ উদ্ধাৰ মৃতদেহ; প্ৰকৃত ঘটনাটো কি?......

Police

পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী নিখোজ। সন্ধানহীন মহিলা কনিষ্টবলগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ দিয়াৰ সন্দেহ কৰা হৈছে। কনিষ্টবলগৰাকীৰ নাম গায়ত্রী হাজৰিকা বুলি জানিব পৰা গৈছে। সন্ধানহীন গায়ত্ৰীৰ বয়স ৩৩ বছৰ। আনহাতে, গায়ত্রী হাজৰিকাৰ ঘৰ নগাঁৱৰ বঢ়মপুৰত বুলিও জানিব পৰা গৈছে। 

উল্লেখ্য যে, শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত আছিল গায়ত্রী। শিলসাঁকোত কৰ্তব্য পালন নকৰো বুলি গায়ত্রীয়ে কেইবাবাৰো শীৰ্ষ বিষয়াক জনাইছিল। তাৰ পিছতো গায়ত্রী হাজৰিকাৰ কথাক গুৰুত্ব নিদি শীৰ্ষ বিষয়াই শিলসাঁকোত নিয়োগ কৰা হৈছিল। 

জানিব পৰা মতে জণ্ডিছ ৰোগত আক্ৰান্ত আছিল গায়ত্রী হাজৰিকা।

police

ইয়াৰ পাছতে মঙলবাৰে শৰাইঘাট দলঙত গায়ত্রীৰ ম'বাইল; চেণ্ডেলকে ধৰি বহু সামগ্রী উদ্ধাৰ কৰা হয়। উক্ত স্থানতেই গায়ত্রী হাজৰিকাৰ নামত এখন চুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। সমগ্র ঘটনা গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ। গায়ত্রীৰ সন্ধানত বৰ্তমান ব্রহ্মপুত্র নদীৰ বুকুত আৰক্ষীয়ে অভিযান চলাইছে।

আনহাতে, কি কাৰণত আত্মহত্যা কৰিছে সেই বিষয়ে বৰ্তমান লৈকে জানিব পৰা হোৱা নাই?


 

Category
Profile picture for user UB Photos