Medicine

পুনৰ জনতাৰ মূৰত মাধমাৰ! আজিৰে পৰা সমগ্ৰ দেশতে বৃদ্ধি পালে জীৱন দায়িনী ঔষধৰ মূল্য। একেইদিনাই একেলগে বৃদ্ধি পালে ৮০০ বিধ ঔষধৰ মূল্য। এণ্টিবায়’টিক,পেইনকিলাৰ, এণ্টি বেক্টেৰিয়েল, এণ্টি ফাংগাল, ইনফেকচনেল ঔষধৰ দাম বৃদ্ধি পালে।

উল্লেখ্য যে, দুটা বছৰত দুবাৰকৈ ঔষধৰ মূল্যবৃদ্ধিয়ে জনতাৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। ২০২২ আৰু ২০২৩ চনত বিভিন্ন ঔষধৰ দাম ১২, ১০ শতাংশ বৃদ্ধি হৈছিল। ঔষধৰ দাম বছৰি এবাৰ বৃদ্ধিৰ অনুমোদন দিয়া হয়।