আপুনি জানেনে কেঁচা বুট আমাৰ দেহৰ বাবে কিমান উপকাৰী?

Gram

বুট আমাৰ সকলোৰে পৰিচিত এক খাদ্য সামগ্ৰী। মাংগলিক কাৰ্যতো বুটৰ গুৰুত্ব সৰ্বাধিক।  বুট কেঁচাই, ভাজি, বইল কৰি, চাটনি বনাই খোৱা হয়। কেঁচা বুট তিয়াই কেঁচা আদাৰ সৈতে খোৱাৰ ফলত শৰীৰত এণ্টিবায়টিক সৃষ্টি হয় আৰু এই এণ্টিবায়টিকে যিকোনো ৰোগৰ সৈতে যুঁজ দিয়ে। 

 

বুটৰ উপকাৰিতাৰ বিষয়ে জানো আহক 

 

১) বুটে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰত শক্তি বৃদ্ধি কৰে।

২)বুটে বদ হজম প্ৰতিৰোধ কৰে।

৩)পায়খানা পৰিষ্কাৰ নহলে বুট বটি তাত লোণ দি খালে উপকাৰ হয়।৪)গোটেই ৰাতি বুট তিয়াই ৰাখি ৰাতিপুৱা খালি পেটত খালে কৃমি মৰি যায় ।

৫)ৰাতি তিয়াই ৰখা বুট সদায় ৰাতিপুৱা খালী পেটত গুড়ৰ লগত খালে ক্ষীণ শৰীৰ শকত হয় আৰু সৰু লৰা ছোৱালীৰ শৰীৰৰ উচ্চতা বাঢ়ে। 

৬)জুইয়ে পুৰিলে বুট পিহি দৈৰ লগত মিহলাই মলমৰ দৰে লগাব লাগে। 

৭)তেজৰ দোষ, খৰ খজুৱতি আদি হৈ থাকিলে, ২মাহ মান সদায় বুটৰ আটাৰ ৰুটি নিমখ নোহোৱাকৈ খাব লাগে। 

৮)মূৰৰ বিষ হলে কেচাঁ বুটৰ ৰস খাব লাগে। 

৯)চৰ্দিত গৰম বুট ৰুমালত বান্ধি শুঙিলে আৰাম পোৱা যায়। 

১০)বহুত আৰু সঘনে ভোক লাগি থকা ৰোগত বুট এৰাতি তিয়াই পুৱা পানীখিনি খাব লাগে। 

১১)বুট তিয়োৱা পানী খালে বমি বন্ধ হয়।

১২)বুটে ৰক্তপিত্ত ৰোগ নাশ কৰে।

১৩)তেজ বমি বা নাকে মুখে তেজ যোৱা ৰোগত বুট বইল কৰি খাওক।

১৪)শ্বাস-প্ৰশ্বাসৰ সমস্যা দূৰ কৰে।

১৫)দাঁতৰ পাৰি ফুলিলে বুট সিজাই সেই পানীৰে মুখ কুলি কুলি কৰিলে বিষ কমিব।

১৬)বুট পানীত তিয়াই ৰাখি পিছদিনা খালে শৰীৰৰ দুৰ্বলতাৰ ভাৱ দূৰ হয় লগতে খোজ কঢ়াৰ শক্তি অধিক বৃদ্ধি হয় ।

১৭)বুটে খাদ্য নলীত থকা ক্ষতিকাৰক জীবাণু নাশ কৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

১৮)যৌনশক্তি বৃদ্ধি কৰাত বুটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১৯)হাত-ভৰি জ্বলাপুৰা কমোৱাত বুটে সহায় কৰে ।

২০)বুটমাহৰ পৰা শৰীৰত অপ্ৰয়োজনীয় কলেষ্টেৰল হ্ৰাস হয়। 

 

 

Category
Profile picture for user UB Photos