বহি থাকোতে ভৰি নচুৱাই থাকে নেকি আপুনি? সাৱধান! হ’ব পাৰে এই ৰোগ!

Leg

কিছুমান মানুহে বহি থাকোতে ভৰি দুখন নচুৱাই থাকে বা লৰাই থাকে। এয়া এক বেয়া অভ্যাস বুলি ধৰা হয়। মানুহৰ আগত ভৰি নচুৱাই বহাটো শিষ্টাচাৰৰ বাহিৰত পৰে বুলি মানুহে কয়। কিন্তু আপুনি জানেনে যে ই কোনো ৰোগৰ লক্ষণো হব পাৰে

 

বহি থাকোঁতে ভৰি দুখন লৰাই থকা কথাটো দেখাত সাধাৰণ যেন লাগিলেও ই কোনো ৰোগৰ লক্ষণো হব পাৰে। ইয়াৰ এটা কাৰণ হব পাৰে ৰেষ্টলেছ লেগছ চিনড্ৰম, যিটো ১০ শতাংশ মানুহৰ ক্ষেত্ৰত হব পাৰে। এইটো এটা স্বাস্থ্যজনিত সমস্যা যিটো স্নায়ুতন্ত্ৰৰ লগত জড়িত। মহিলা আৰু পুৰুষ উভয়ৰে মাজত এই সমস্যা দেখা দিয়ে। এনে অৱস্থাত এজন ব্যক্তিয়ে বহি বা শুই থকাৰ সময়ত হঠাতে বিষ অনুভৱ কৰে আৰু ভৰি দুখন লৰচৰ কৰি সেই বিষ উপশম কৰিবলৈ চেষ্টা কৰে। এই বেদনাদায়ক অৱস্থাটো বাৰে বাৰে হলে ইয়াক ৰেষ্টলেছ লেগছ চিনড্ৰম বোলা হয়। আইৰণৰ অভাৱৰ বাবেও এই সমস্যা হব পাৰে। 

 

যদিও এই চিনড্ৰমৰ সঠিক কাৰণ কোৱাটো কঠিন কিন্তু কেতিয়াবা ই বংশগতও হব পাৰে। বহু সময়ত পিতৃ বা মাতৃৰ ঘৰত এই সমস্যা থাকে যিটো লৰা-ছোৱালীৰ ক্ষেত্ৰত হোৱাৰ সম্ভাৱনা থাকে। এই চিনড্ৰম নিৰাময়ৰ বাবে ফিজিঅথেৰাপি চিকিৎসা গ্ৰহণ কৰিব পাৰি। ইয়াৰ উপৰিও পেশীবোৰক ষ্টেজ কৰিও এই চিনড্ৰমটো নিৰাময় কৰিব পাৰি।

 

Category
Profile picture for user UB Photos