হঠাৎ কাণত যন্ত্ৰণা অনুভৱ হ’লে কি কৰিব আপুনি?

eair

শীতকালত সৰু ডাঙৰ প্ৰায়ভাগ লোকেই কম-বেছি পৰিমাণে চৰ্দি-কাহত আক্ৰান্ত হয়।ঠাণ্ডাৰ ফলত বহুতে আকৌ কাণত বিষ বা যন্ত্ৰণা অনুভৱ কৰে। তদুপৰি কাণত তৰল পদাৰ্থ জমা হলে বা প্ৰদাহৰ বাবে প্ৰচণ্ড বিষ অনুভৱ হয়।

কাণৰ বিষ অনুভৱ কৰিলে ঘৰুৱা কিছুমান উপায়েৰেই যন্ত্ৰণাৰ পৰা সকাহ পাব পৰা যায়।

ক) আদাৰ ব্যৱহাৰ- আদাত প্ৰদাহ বিৰোধী উপাদান থাকে। বিষ কমাবলৈ কাণৰ চাৰিওপিনে আদাৰ ৰস বা ইয়াৰ সৈতে সামান্য অলিভ অইল মিহলাই কুহুমীয়া গৰম কৰি ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে এই মিশ্ৰণ যাতে কাণৰ ভিতৰত নোসোমায় তাৰ বাবে সাৱধান হব।

খ)টী-ট্ৰি অইল- ট্ৰী-ট্ৰিত বিভিন্ন উপকাৰী গুণ থাকে। কেইটোপাল মান ট্ৰী-ট্ৰি অইল সামান্য গৰম কৰি মালিচ কৰক। যন্ত্ৰণাৰ পৰা বহু ৰেহাই পাব।

গ) অলিভ অইল- আমেৰিকান একাডেমি অৱ পেডিয়াট্ৰিকছৰ মতে অলিভ এইল সামান্য গৰম কৰি দুই বা এটোপাল কাণত দিলে বিষ বা যন্ত্ৰণা হ্ৰাস পায়।

ঘ) নহৰু- নহৰুক কাণৰ সংক্ৰমণৰ প্ৰাকৃতিক ঔষধ বুলি কোৱা হয়। কাণত বিষ বা যন্ত্ৰণা অনুভৱ কৰিলে কেঁচা নহৰু খাব পাৰে। নহৰুত থকা এন্টিবেক্টেৰিয়েল উপাদানে কাণৰ বিষ কমোৱাত সহায় কৰে।   

Category
Profile picture for user UB Photos