পুনৰ জনতাৰ মূৰত মাধমাৰ! আজিৰে পৰা বৃদ্ধি জীৱনদায়িনী ঔষধৰ মূল্য.......

medicine

পুনৰ জনতাৰ মূৰত মাধমাৰ! আজিৰে পৰা সমগ্ৰ দেশতে বৃদ্ধি পালে জীৱন দায়িনী ঔষধৰ মূল্য। একেইদিনাই একেলগে বৃদ্ধি পালে ৮০০ বিধ ঔষধৰ মূল্য। এণ্টিবায়’টিক,পেইনকিলাৰ, এণ্টি বেক্টেৰিয়েল, এণ্টি ফাংগাল, ইনফেকচনেল ঔষধৰ দাম বৃদ্ধি পালে।

উল্লেখ্য যে, দুটা বছৰত দুবাৰকৈ ঔষধৰ মূল্যবৃদ্ধিয়ে জনতাৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। ২০২২ আৰু ২০২৩ চনত বিভিন্ন ঔষধৰ দাম ১২, ১০ শতাংশ বৃদ্ধি হৈছিল। ঔষধৰ দাম বছৰি এবাৰ বৃদ্ধিৰ অনুমোদন দিয়া হয়। 


বিগত কেইটামান বছৰত ১৫ৰ পৰা ১৩০ শতাংশ পৰ্যন্ত দাম বৃদ্ধি হৈছে। পেৰাচিটামলৰ দাম ১৩০ শতাংশ বৃদ্ধি পাইছে। এক্সিচিয়েণ্টছৰ দাম ১৮-২৬২ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে। ইয়াৰ উপৰি কেতবোৰ সামগ্ৰীৰ দাম দুগুণ বৃদ্ধি হৈছে। 


জানিব পৰা মতে, ঔষধৰ দাম বৃদ্ধিৰ বাবে এহাজাৰৰো বেছি ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ ফালৰ পৰা কেন্দ্ৰৰ ওচৰত আবেদন জনোৱা হৈছিল। বিগত দুবাৰ জীৱন দায়িনী ঔষধৰ দাম দুটা সংখ্যাত বৃদ্ধি পাইছে। 

লগতে, আজিৰে পৰা বৃদ্ধি পাব সুৰাৰো দাম। ৭৭ বিধ সুৰাৰ দাম বৃদ্ধি পাব সুৰাৰ দাম।

Category
Profile picture for user UB Photos