পেইনকিলাৰ গ্ৰহণ কৰে নেকি আপুনি? সাৱধান! ভয়ংকৰ বিপদৰ দিশে আপুনি!

Pain Killer

 শৰীৰত যিকোনো ধৰণৰ সৰু সমস্যা হলে বেছিভাগ মানুহেই পেইন কিলাৰ গ্ৰহণ আৰম্ভ কৰে। কিছুমান মানুহে কেৱল পেইনকিলাৰৰ লগতে অভ্যস্ত হৈ পৰে। এই পেইন কিলাৰে নিশ্চয়কৈ আপোনাৰ বিষ কমাই দিয়ে কিন্তু ইয়াৰ ফলত শৰীৰত আন আন বেমাৰো হব পাৰে। বহু গৱেষণাত প্ৰমাণিত হৈছে যে প্ৰয়োজনতকৈ অধিক পেইন কিলাৰ সেৱন কৰিলে শৰীৰৰ বাবে এয়া বৰ ক্ষতিকাৰক।এই ঔষধবোৰে শৰীৰৰ অংগবোৰত প্ৰভাৱ পেলায়। হাৰ্ট এটেক বা কিডনী-লিভাৰ ফেইলৰ দৰে সমস্যা হব পাৰে।

পেইনকিলাৰৰ ভিতৰত পেৰাচিটামল এনেকুৱা এটা ঔষধ, যিটো সাধাৰণতে প্ৰতিটো ঘৰতে পোৱা যায়। এই ঔষধটো এটা সাধাৰণভাৱে ব্যৱহৃত ঔষধ। ইয়াৰ অত্যাধিক সেৱনৰ বাবে বহু সময়ত এলাৰ্জীৰ অভিযোগ উত্থাপন হয়। ইয়াৰ লগতে যকৃতৰ ক্ষতি হোৱাৰো এক বৃহৎ আশংকা থাকে। গতিকে যদি আপুনি ইয়াক অবিৰতভাৱে ব্যৱহাৰ কৰি আছে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।

Category
Profile picture for user UB Photos