Basistha

 

আজি মুকলি হ’ব বহুপ্ৰতীক্ষিত বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়।

বশিষ্ঠস্থিত কাৰ্যালয়টো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে. পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুকলি কৰাা হ'ব।

উল্লেখ্য যে, প্ৰায় ২৫ কোটি টকা ব্যয়সাপেক্ষে ১ লাখ বৰ্গ ফুট এলেকাত নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়টো। প্ৰায় ৫ সহস্ৰাধিক লোক একেলগে সমবেত হ’ব পৰা ছয়মহলীয়া এই আকৰ্ষণীয় কাৰ্যালয়টোত অতিথিশালা আৰু মিডিয়া চেণ্টাৰো আছে। লগতে আছে প্ৰায় ৪০০ লোক বহিব পৰা এক অত্যাধুনিক বিশাল প্ৰেক্ষাগৃহ।