
আজি মুকলি হ’ব বহুপ্ৰতীক্ষিত বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়।
বশিষ্ঠস্থিত কাৰ্যালয়টো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে. পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুকলি কৰাা হ'ব।
উল্লেখ্য যে, প্ৰায় ২৫ কোটি টকা ব্যয়সাপেক্ষে ১ লাখ বৰ্গ ফুট এলেকাত নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়টো। প্ৰায় ৫ সহস্ৰাধিক লোক একেলগে সমবেত হ’ব পৰা ছয়মহলীয়া এই আকৰ্ষণীয় কাৰ্যালয়টোত অতিথিশালা আৰু মিডিয়া চেণ্টাৰো আছে। লগতে আছে প্ৰায় ৪০০ লোক বহিব পৰা এক অত্যাধুনিক বিশাল প্ৰেক্ষাগৃহ।
জানিব পৰা মতে, বিজেপিৰ দলীয়-কৰ্মীৰ সহায় আৰু সাহাৰ্যৰে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো।
- Log in to post comments