বঙাইগাঁৱক স্ক্ৰাব টাইফাছৰ আতংক;স্ক্ৰাব টাইফাছত আক্ৰান্ত হৈ মৃত্যু এজন লোকৰ

Bongaigaon


বঙাইগাঁও জিলাত পুনৰ স্ক্ৰাব টাইফাছৰ আতংক।

যোগীঘোপাৰ চলন্তাপাৰাত স্ক্ৰাব টাইফাছত আক্ৰান্ত হৈ মৃত্যু এজন ব্যক্তিৰ।

মৃত ব্যক্তিজন চলন্তাপাৰা খুটাপাৰা গাঁৱৰ মনিৰুল হক (৬৮) ।

কেইবাদিনো ধৰি জ্বৰ-কাহত আক্ৰান্ত হৈ আছিল মনিৰুল হক।

প্ৰথমে চলন্তাপাৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত গ্ৰহণ কৰিছিল চিকিৎসা।

স্বাস্থ্যৰ অৱনতি ঘটাত ভৰ্তি কৰোৱা হৈছিল গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত।

বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত স্ক্ৰাব টাইফাছত আক্ৰান্ত হোৱাৰ তথ্য লাভ।

অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে মনিৰুল হকৰ।

চিগাৰ নামৰ এক অচিনাক্ত পোকৰ কামোৰত এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ।

এই ঘটনাক কেন্দ্ৰ কৰি চলন্তাপাৰা অঞ্চলত আতংকৰ সৃষ্টি কৰিছে।

Category