Assam CM

গুৱাহাটী চহৰত প্ৰৱেশৰ প্ৰয়াসত পথ অৱৰোধৰ সন্মুখীন হোৱাৰ এদিন পিছতে বুধবাৰে বৰপেটাত আৰু অধিক সমাবেশেৰে প্ৰৱেশ কৰি ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰে কংগ্ৰেছৰ যুবৰাজ ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধী আৰু কে চি ভেনুগোপালকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে হিংসা, প্ৰৰোচনা,ৰাজহুৱা সম্পত্তিৰ ক্ষতি আৰু আৰক্ষী জোৱানক আক্ৰমণৰ অভিযোগত গোচৰ ৰুজু কৰে।

যাত্ৰাৰ একাদশ দিন আৰম্ভ কৰাৰ পূৰ্বে ৰাহুল গান্ধীয়ে এক সভাত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ “আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী” আখ্যা দি আক্ৰমণ চলালে।