নিশা মহানগৰীৰ কেইবাস্থানত আৰক্ষীৰ অভিযান! ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে তিনি সৰবৰাহকাৰীক

Ganja

নিশা মহানগৰীৰ কেইবাস্থানত গড়চুক আৰক্ষীৰ অভিযান।

সাউকুছি, দাতালপাৰা, কটাহবাৰীত  অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে তিনি সৰবৰাহকাৰীক।

গ্ৰেপ্তাৰ কৰা তিনি সৰবৰাহকাৰীৰ নাম বিহাৰৰ ৰাহুল খাওৰা, সাউকুছিৰ ৰিতিক সিং আৰু ৰঙিয়াৰ জিতু মনি কলিতা।

অভিযানত জব্দ ১০ পেকেট নিষিদ্ধ হেৰোইন। বজাৰ মুল্য ২০ লক্ষতকৈ ও অধিক। ২০ পেকেট খালী কন্টেইনাৰ।
জব্দ হোৱা ড্ৰাগচৰ ওজন ১৩২ গ্ৰাম। ইয়াৰ লগতে নগদ ধনো জব্দ কৰে আৰক্ষীয়ে। মহানগৰীৰ ভাৰাঘৰত বাহৰ পাতি চলাই গৈছে ড্ৰাগছৰ সাম্ৰাজ্য।

ইতিমধ্য়েই আব্দুল নামৰ আন এজন সৰবৰাহকাৰীৰ আত্মোগোপন। 

জানিব পৰা মতে, জিতু মণি কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰ।
 

Category
Profile picture for user UB Photos