ৰাতিপুৱাৰ ভাগতে মোৱাইল ফোনৰ উজান উঠিল মহানগৰীত, ১০ লাখ টকাৰ চুৰি ম’বাইলসহ জালত চোৰৰ গেং

mobile thief

মহানগৰীৰ ভগদত্তপুৰ আৰক্ষী চকীৰ বৃহৎ সফলতা।

১০ লক্ষ টকাৰ চুৰি মোবাইল উদ্ধাৰ কৰিলে আৰক্ষীয়ে। ৰামদিয়াৰ গাঁওবুঢ়া পাম চৰ, মুকালমুৱাৰ ভাঙনমাৰী চৰ আৰু  শিয়ালমাৰী চৰত অভিযান চলাই জব্দ কৰে ৭৯টা এনড্ৰইড মোবাইল ফোন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি চোৰক। তিনি চোৰৰ ভিতৰত এগৰাকী মহিলাও আছে।

মহিলাগৰাকীৰ নেতৃত্বতে চলিছিল মোবাইল ফোন চুৰি কৰি নি বিক্ৰী কৰাৰ পৰিকল্পনা। ধৃত চোৰকেইটাৰ নাম আব্বাচ আলী আৰু বেদেনউদ্দিন আলী। ১১ এপ্ৰিলৰ নিশা  কাহিলীপাৰাৰ জনকপুৰৰ গুম্বী ছফ্টৱেৰ প্ৰাইভেড লিমিটেডৰ পৰা চুৰি কৰিছিল ১২১টা মোবাইল ফোন।চুৰি কৰা আটাইকেইটা মোবাইল ফোন Nokia C01 PLUS মোবাইল।

উদ্ধাৰ কৰা মোবাইল ফোনসমূহৰ বজাৰ মুল্য ১০ লাখতকৈ অধিক হ’ব। মোবাইল ফোনসমূহ চৰকাৰী বিদ্যালয়লৈ অনুমোদন কৰা। ১২১টা মোবাইল ফোনৰ ৭৯টা উদ্ধাৰ হৈছে, বাকী থকা ৪২টা মোৱাইল বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে ভগদত্তপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসে। বিচাৰি নোপোৱা ৪২টা মোবাইল ফোন চৰাঞ্চলত বিক্ৰী কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

চুৰি কাৰ্যত ব্যবহৃত চাৰিচকীয়া বাহনখন বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ভগদত্ত পুৰ আৰক্ষী চকীত ৰুজু হোৱা গোচৰ নম্বৰ হৈছে  880/22। বাকী থকা মোবাইল ফোনকেইটা উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে আৰক্ষী।

Category
Profile picture for user UB Photos