পুনৰ জুবিনক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰে জাৰি কৰিছিল বিশেষ নিৰ্দেশনাক মন্তব্য
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অসমৰ ৰাইজৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ দায়িত্ব আহিব যে জুবিন গাৰ্গক আমি গানেৰে জীয়াই ৰাখিম নে মদেৰে জীয়াই ৰাখিম?’’
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এচাম লোকে মদেৰে জীয়াই ৰাখিব বিচাৰিছে জুবিন গাৰ্গক। অসমৰ ৩ কোটি ৫০ লাখ মানুহে জুবিনক সৃষ্টি, গান, প্ৰতিভাৰে জীয়াই ৰাখিব বিচাৰে। কিছুমানে জুবিন গাৰ্গৰ অন্য এটা পৰিচয় সমাজক দিব বিচাৰে।’’