Magh Bihu

বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা। গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আয়োজক সমিতিয়ে। 

উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে জোনবিলৰ পাৰত। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিলৰ পাৰত দেখিবলৈ পোৱা যাব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন।