
ম’হ, বুলবুলি চৰাই যুঁজৰ বাবে SOP জাৰি কৰিছে প্ৰশাসনে। কেৱল ঐতিহাসিক স্থানতহে অনুষ্ঠিত কৰিব পাৰিব ম’হ যুঁজ। ২৫ বছৰ ধৰি যি স্থানত ম’হ, বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰা হৈছিল সেই স্থানতহে দিয়া হ’ব অনুমতি।
উল্লেখ্য যে, পুৱা ৭ বজাৰ পৰা ৪ বজাৰ ভিতৰত যুঁজৰ অনুমতি। লগতে, ম’হ উত্তেজিত কৰা সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ১৫-২০ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব ম’হ যুঁজ। নিৰ্দিষ্ট দিনৰ বাদে অন্য দিনত পাতিব নোৱাৰিব ম’হ যুঁজ।
আনহাতে, যুঁজ অনুষ্ঠিত কৰাৰ সময়ত থাকিব লাগিব পশু চিকিৎসকৰ দল। প্ৰয়োজনত চিকিৎসা প্ৰদান কৰিব লাগিব ম’হক।
আনফালে, নিৰাপদভাৱে ৰাখিব লাগিব বুলবুলি চৰাইক। বুলবুলি চৰাইৰ বাবে পানী আৰু খাদ্যৰ ব্যৱস্থা কৰিব লাগিব। বেৰিকেড দি নিৰাপদ স্থানত আয়োজন কৰিব লাগিব যুঁজ। প্ৰয়োজনতকৈ অধিক লোকক যুঁজস্থলীত প্ৰৱেশত নিষেধাজ্ঞা।
লগতে, বুলবুলি চৰাইৰ গৰাকীৰ বাবে থাকিব লাগিব নিৰ্দিষ্ট আসন। দৰ্শকৰ বাবেও যথোপযুক্ত আসনৰ ব্যৱস্থা কৰিব লাগিব আয়োজকে। যুঁজৰ পিছতে মুকলি কৰি দিব লাগিব বুলবুলি চৰাই।
এই নিষেধাজ্ঞা সমূহ উলংঘা কৰিলে ৫ বছৰলৈ বন্ধ কৰি দিয়া হ’ব ম’হ, বুলবুলি চৰাই যুঁজৰ। এই সমূহ SOP জাৰি কৰিছে প্ৰশাসনে।
- Log in to post comments