আজি ভোগালী বিহুৰ উৰুকা! ৰাজ্যৰ চৌদিশে ভোগালী বিহুক লৈ উখলমাখল পৰিৱেশ........

Magh bihu

আজি ভোগালী বিহুৰ উৰুকা। ৰাজ্যৰ চৌদিশে ভোগালী বিহুক লৈ উখলমাখল পৰিৱেশ। পথাৰৰ শুকান নৰাণি ডৰাত ভিন্ন আৰ্হিৰ ভেলাঘৰ আৰু মেজিয়ে জাকজমক হৈ জিলিকি উঠিছে। কিন্তু এই ভোগালী বিহুৰ বতৰত মৰাণৰ এটা প্ৰান্তত নিমাওমাও পৰিৱেশ। সজা নাই মেজি, বনোৱা নাই ভেলাঘৰ। উৰুকাৰ ভোজ ভাতকলৈও নাই কোনো ধৰণৰ আয়োজন । বছৰ বছৰ ধৰি গাঁৱৰ ৰাইজে এই ৰীতি-নীতিকে মানি আহিছে। মৰাণৰ সমীপৰ ৫ খনকৈ গাঁও ক্ৰমে মেচলৌ ভৰালী, ভৰালী, ন-ভৰালী সোণোৱাল গাঁও, ১নং চৰাই হাবি আৰু ২ নং চৰাই হাবি গাঁ‌ৱৰ ৰাইজে ভোগালী বিহু ৰাজহুৱাকৈ উদযাপন নকৰাকৈয়ে বছৰে বছৰে চলি আহিছে। ৰাইজৰ বিশ্বাস অনুসৰি এই ৫খন গাঁৱত ভোগালী বিহু ৰাজহুৱাকৈ উদযাপন কৰিলে ৰাইজৰ অমংগল ঘটে। বাঘ ওলায় আৰু বাঘে সন্ত্ৰাস চলাই পোহনীয়া জীৱজন্তুক বধ কৰাৰ লগতে ৰাইজৰ অনিষ্ট কৰে। সেই বাবেই ভোগালী বিহু ৰাজহুৱাকৈ উদযাপন নকৰে গাঁও কেইখনৰ লোকে।

Category
Profile picture for user UB Photos