সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলা। অন্তিম দিনা মেলাৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত গোভা ৰজাৰ অধীনৰ অৰম বিলত অনুষ্ঠিত হয় সমূহীয়া মৎস্য চিকাৰ পৰ্ব।
শ শ লোকে ভাগ লোৱা এই মৎস চিকাৰৰ বাবে বিলত নামে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল। ইয়াৰ পিছতেই বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শনৰে জীপাল হৈ পৰে জোনবিলৰ বাকৰি।প্ৰদৰ্শিত হ’ল কৈৱৰ্ত জাল কেওঁট জনগোষ্ঠীৰ লোক কৃষ্টি।
জোনবিল মেলাস্থলীত বিভিন্ন জনগোষ্ঠীয় সাজ-পোছাককে ধৰি সমাহাৰ ঘটে বিভিন্ন থলুৱা খাদ্য সম্ভাৰৰ।
Category
- Log in to post comments