ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে তাণ্ডৱ।
শ্ৰীভূমি চহৰত চোৰৰ দৌৰাত্ম্য।
ঘৰত কোনো নথকাৰ সুযোগ লৈ শ্ৰীভূমি চহৰৰ মাজমজিয়াৰ মিচন পথৰ বিকাশ ৰঞ্জন দেৰ ঘৰৰ পৰা চোৰৰ দলে চলালে তাণ্ডৱ।
লুটি নিলে নগদ ধন সহ কেবা লাখ টকাৰ সোণৰ অলংকাৰসহ বহু মূল্যৱান নথিপত্ৰ।
স্থানীয় লোকে জনোৱা অনুসৰি, ঘৰৰ গৰাকী শাৰীৰিক অসুস্থতাৰ বাবে শিলচৰত চিকিৎসাধীন হৈ আছিল আৰু এনে পৰিস্থিতিত চুৰৰ দলে ভেন্টিলেটৰ ভাঙি ঘৰত প্ৰৱেশ কৰি চলালে তাণ্ডব।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।
- Read more about ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে তাণ্ডৱ
- Log in to post comments