দীৰ্ঘবিৰতিৰ অন্তত আজি আঁহতগুৰিত আনুষ্ঠানিকভাৱে হ'ব পৰম্পৰাগত ম'হযুঁজ, গোনা ম'হৰ যুঁজত কঁপি উঠিব আঁহতগুৰি...........

Buffalo fight

আজি পহিলা মাঘ। পুৱাই নামঘৰ, মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। বছৰটোৰ মঙ্গলৰ বাবে সেৱা লৈছে সকলোৱে। আজি পৰম্পৰা ৰক্ষা কৰি মৰিগাঁৱৰ আঁহতগুৰিত অনুষ্ঠিত হ’ব ম’হ যুঁজ। যুদ্ধংদেহি ৰূপত সাজু ২ গোণা ম’হ। 

উল্লেখ্য যে, পৰম্পৰাগতভাৱে চলি অহা আঁহতগুৰিৰ ম’হ যুঁজ অতি বিখ্যাত। সেয়েহে এইবাৰ ম’হ যুঁজ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। SOP অনুসৰিয়েই পালন কৰা হ’ব ম’হ যুঁজ। অসমবাসীৰ লগতে আঁহতগুৰিবাসীয়ে উৎকণ্ঠাৰে ৰৈ আছে ম’হ যুঁজৰ বাবে।
 
ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি আজি আঁহতগুৰিত লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত আয়োজিত হোৱা ম’হ যুঁজত গোনা ম’হে যুঁজিব।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আঁহতগুৰিৰ ম’হযুঁজ মুকলি কৰিব। ২০১৪ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছত ৰাজ্যত এই যুঁজ নিষিদ্ধ আছিল। এইবাৰ ৰাজ্য চৰকাৰে ম’হ যুঁজৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰাইছে। 

গতিকে এইবাৰ মাঘ বিহুৰ দিনা অৰ্থাৎ আজি অসমবাসীয়ে ম’হ যুঁজ উপভোগ কৰিব পাৰিব। এতিয়া ম’হ যুঁজক কেন্দ্ৰ কৰি আঁহগুৰিবাসী ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰী শৰ্মা উপস্থিত হোৱাৰ পাছতে গোনা ম’হৰ যুঁজত কঁপি উঠিব আঁহতগুৰি। ম’হৰ গোৱালসকলে ম’হ যুঁজাবলৈ ইতিমধ্যে সাজু হৈছে।

Category
Profile picture for user UB Photos