Sivsagar

শিৱসাগৰ জিলাৰ ১০ কোটি টকা ব্যয়েৰে নিৰ্মীয়মাণ এটা পথৰ নিৰ্মাণকাৰ্যত দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আমগুৰি সমষ্টিৰ চিন্তামণিগড়ৰ ভদীয়াঘাটৰ পৰা জেলেতীটুপ ম’কালনিলৈ প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে ১০ কোটি টকা।

উল্লেখ্য যে, লোকনিৰ্মাণ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ অধীনত নিৰ্মাণ হৈ থকা এই পথছোৱাৰ নিৰ্মাণকাৰ্যতে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি শিৱসাগৰ জিলা আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগক বহুবাৰ আবেদন-নিবেদন কৰিলে স্থানীয় ৰাইজে।