চাঞ্চল্যকৰ! শিৱসাগৰত সুৰাপায়ী পুত্ৰক প্ৰাণহানি অসহায় পিতৃৰ....

sivsagar

আজি-কালি প্ৰায়বোৰ ঘটনাই ৰাজ্যৰ লগতে সমগ্ৰ ভাৰতবৰ্ষক জোঁকাৰি যায়। তেনে এক ভয়ংকৰ কাণ্ডই জোঁকাৰি গ'ল শিৱসাগৰ জিলাক। শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ কাৰীগাঁৱত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নিজৰ পিতৃয়ে দাৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰিলে পুত্ৰক। বুধবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো। 

উল্লেখ্য যে, ৰমেন বৰুৱা নামৰ লোকজনে শোৱাপাটিতে দাৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰ দিপু বৰুৱাক। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, প্ৰায় সদায়ে সুৰামত্ত অৱস্থাত ঘৰত প্ৰৱেশ কৰে দিপু বৰুৱাই। বুধবাৰৰ নিশাও তাৰ ব্যতিক্ৰম নাছিল, বুধবাৰৰ নিশা সুৰামত্ত অৱস্থাত ঘৰত প্ৰৱেশ কৰিছিল দিপু বৰুৱাই। তাৰ পিছতেই আৰম্ভ হৈছিল পিতৃ-মাতৃৰ ওপৰত দিপু বৰুৱাৰ অত্যাচাৰ। সুৰামত্ত পুত্ৰৰ অত্যাচাৰ দীৰ্ঘদিন ধৰি নীৰৱে চকুপানী টুকি সহ্য কৰি গৈছিল বৃদ্ধ পিতৃ-মাতৃয়ে।

কিন্তু বুধবাৰে নিশাটো যেন কিছু পৃথক আছিল কোঁৱৰপুৰ কাৰীগাঁৱৰ বৰুৱাৰ পৰিয়ালটোৰ বাবে। সুৰাৰ ৰাগীত মাতাল হৈ অহা দিপু বৰুৱাই প্ৰথমে বৃদ্ধ মাক-দেউতাকৰ ওপৰত অত্যাচাৰ কৰি পিছত নিজৰ বিচনাত টোপনি গৈ আছিল। তেতিয়া নিশা প্ৰায় ৪.৩০ বাজিছিল। ৰমেন বৰুৱাই মনে মনে অত্যাচাৰী পুত্ৰক শেষ কৰি পেলোৱাৰ সিদ্ধান্ত ল’লে। কথা মতেই কাম। ৰমেন বৰুৱাই ভঁৰালৰ গাধৰিতে থকা খুকুৰীখন উলিয়াই আনিছিল। তেতিয়া গভীৰ নিদ্ৰাত দীপু বৰুৱা। তাৰেই সুযোগত শোৱাপাটিতে খুকুৰী খনেৰে উপৰ্যপুৰি ৰমেন বৰুৱাই ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পুত্ৰ দীপু বৰুৱাক। থিতাতে প্ৰাণ গ’ল দীপু বৰুৱাৰ।

দীৰ্ঘদিন ধৰি অত্যাচাৰ কৰি অহা পুত্ৰৰ তেজেৰে লুটুৰি পুতুৰি দেহ পৰি ৰ’ল পিতৃ-মাতৃৰ সন্মুখত। তাৰ পিছতে কোঁৱৰপুৰ কাৰীগাঁৱৰ ৰমেন বৰুৱাৰ ঘৰত উপস্থিত হ’লহি শিৱসাগৰ আৰক্ষী। চোতালৰ এচুকত পুত্ৰক ঘপিয়াই হত্যা কৰা দাখন লৈ বহি থাকিল বৃদ্ধ পিতৃ ৰমেন বৰুৱা। আৰক্ষীয়ে প্ৰথমে হত্যাকাণ্ডত ব্যৱহৃত দাখন জব্দ কৰিলে।

সংবাদমাধ্যমে সোধা প্ৰশ্নত পিতৃ ৰমেন বৰুৱাই থুকাথুকি মাতেৰে ক’লে ‘সি আমাক বহুত অত্যাচাৰ কৰিছিল। আৰু সহ্য কৰিব নোৱাৰিলে। তাক মাৰি পেলালো’। ঘটনাৰ তদন্ত আৰম্ভ কৰি হত্যাকাৰী পিতৃ ৰমেন বৰুৱাক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে। 

Category