সুৰাৰ বাবেই চাকৰিৰ পৰা নিলম্বন এগৰাকী ৰাজপত্ৰিত বিষয়া! এই ঘটনা অসমৰ শিৱসাগৰ জিলাৰ.........

suspension

বৰ্তমান সময়ত সুৰাই বহুতৰ বাবে কাল হৈ পৰিছে। বহুতৰ প্ৰাণ যোৱাৰ লগতে বহু লোকৰ চাৰকিও গৈছে। পুনৰ অসমৰ শিৱসাগৰ জিলাত সুৰাপান কৰি কাৰ্যালয়ত উপস্থিত থকাত হাতে-লোতে ধৰা পৰিল এগৰাকী ৰাজপত্ৰিত বিষয়া। তাৰ পাছতে নিলম্বন কৰা হয় ৰাজপত্ৰিত বিষয়া গৰাকীক।

উল্লেখ্য যে, কৰ্তব্যৰত অৱস্থাত নিজৰ চৰকাৰী কাৰ্যালয়ত সুৰাসক্ত হৈ কৰ্মত নিয়োজিত হৈ আছিল এগৰাকী ৰাজপত্ৰিত বিষয়া। অৱশেষত জিলা আয়ুক্তৰ তৎপৰতাত হাতে-লোটে কৰায়ত্ত হয় ৰাজপত্ৰিত বিষয়া গৰাকী। দীৰ্ঘদিন ধৰি বিষয়াগৰাকীৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিত জিলা আয়ুক্তই কৰা তদন্তৰ পিছত চৰকাৰে বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰিছে। 

এই বিষয়াগৰাকী হৈছে শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰী তথা শিৱসাগৰ জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া সঞ্জীৱ বৰা। শিৱসাগৰৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ তৎপৰতাত এই ৰাজপত্ৰিত বিষয়াগৰাকীৰ কুকীৰ্তি ফাদিল হয়। যোৱা ৭ নৱেম্বৰৰ বিয়লি সঞ্জীৱ বৰা শিৱসাগৰ জিলা কোষাগাৰত কৰ্তব্যৰত অৱস্থাত সুৰাসক্ত অৱস্থাত আছিল। 

এই বিষয়ে খবৰ পোৱা লগে লগে জিলা আয়ুক্তগৰাকীয়ে আৰক্ষীৰ উপস্থিতিত বিষয়াগৰাকীয়ে মদ্যপান কৰি আছেনে নাই তাৰ পৰীক্ষা কৰোৱায়। Blood Alcohol Content (BAC) পৰীক্ষাত বিষয়াগৰাকীয়ে সুৰাপান কৰি থকাটো প্ৰমাণ হয়।

শিৱসাগৰৰ জিলা আয়ুক্তগৰাকীৰ তদন্ত প্ৰতিবেদনৰ পিছত চৰকাৰৰ বিত্ত বিভাগে বিষয়াগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হিচাপে তেওঁক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰিছে।‌
 

Category
Profile picture for user UB Photos