Rang Ghar

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰটো হৈছে এছিয়াৰ প্ৰথমটো পেভিলিয়ন। শিৱসাগৰবাসীৰ লগতে প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমানী এই ৰংঘৰ। কিন্তু এতিয়া অস্তিত্ব সংকটত পৰিছে এছিয়াৰ প্ৰথমটো পেভিলিয়ন। ৪দিন‌ ধৰি পানীৰ‌তলত ঐতিহাসিক ৰংঘৰ। 

উল্লেখ্য যে, শনিবাৰ পৰা অহা ধাৰাবাহিক বৰষুণে ফলত পানীৰে উপচি পৰিছে ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰৰ চৌহদ। ৪ টাকৈ দিন‌পাৰ‌ হৈ যোৱাৰ‌ পিছতো কাণহাৰ‌ নাই কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ। পানী নিষ্কাশনৰ বাবে লোৱা নাই কোনো ব্যৱস্থা, যাৰ‌বাবে এতিয়া সৰব হৈ পৰিছে শিৱসাগৰবাসী তথা দল- সংগঠন। আচলতে, কাৰ‌ ভুলৰ‌ বাবে কৃত্ৰিম বানৰ‌ কৱলত ৰংঘৰৰ চৌহদ!