এইবাৰ আৰক্ষীৰ জালত ইংৰাজী ছাৰ! ছাত্ৰীৰ গোপন অংগত হাত দি ৰঙা ঘৰৰ আলহী হ'ল ইংৰাজী ছাৰ......

teacher

সভ্য সমাজক পুনৰ এবাৰ দাগ লগালে ইংৰাজী ছাৰে। এইবাৰ অংক ছাৰ নহয়, এইবাৰ ইংৰাজী ছাৰৰ কুকৰ্ম। শিৱসাগৰ নামতিত সংঘটিত হয় এই জঘন্য কাণ্ডটো। 

উল্লেযখ্য যে, দুগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ। আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে লম্পট শিক্ষক আব্দুল ছাত্তাৰক। টিউচন লোৱাৰ চলেৰে দীৰ্ঘদিন ধৰি দুই ভগ্নীক চলাই আহিছিল নিৰ্যাতন। এই অপকৰ্মৰ বিষয়ে অভিভাৱকক নক’বলৈ ভয়–ভাবুকিও দি অহাৰ অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে। অৱশেষত অত্যাচাৰ সহিব নোৱাৰি মাতৃক অৱগত কৰে দুই কন্যাই।

teacher

অভিযোগ অনুসৰি, ইংৰাজী বিষয়ৰ টিউচন মাষ্টৰ আব্দুল ছাত্তাৰে টিউচন লোৱাৰ চলেৰে দুই ভগ্নীক চলাই আহিছিল নিৰ্যাতন। ছাত্ৰী দুগৰাকীৰ গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ উঠিছে অৱসৰপ্ৰাপ্ত শিক্ষক জনৰ বিৰুদ্ধে। নিৰ্যাতন সহিব নোৱাৰি দুই ভগ্নীয়ে মাতৃক সকলো কথা অৱগত কৰে। এই সন্দৰ্ভত থানাত এজাহাৰ দাখিলৰ পিছতে নামতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষক আব্দুল ছাট্টাৰক।

উল্লেখযোগ্য যে অভিযুক্ত শিক্ষক আব্দুল ছাত্তাৰে ২০২০ চনৰ পৰা ২০২২ চনলৈ জ্যেষ্ঠ কন্যা আৰু ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা কনিষ্ঠ কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগ। কনিষ্ঠ কন্যাক নিৰ্যাতন চলোৱাৰ পিছতেই শিক্ষকগৰাকীৰ কুকৰ্মৰ বিষয়ে অৱগত কৰে অভিভাৱক। নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গ্ৰেপ্তাৰ হোৱা আব্দুল ছাত্তাৰ। দীৰ্ঘদিন ধৰি শিক্ষকজনে পৰিয়ালটোক হত্যা কৰা, সমাজৰ আগত লজ্জানত কৰাৰ ভাবুকি দি নিৰ্যাতন চলাই অহাৰ অভিযোগ।

ইপিনে দুয়োগৰাকী ছাত্ৰীকে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাই আৰক্ষীয়ে। অভিযুক্ত আব্দুল ছাত্তাৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী নিৰ্যাতিতা দুই কন্যা আৰু মাতৃৰ।

Category
Profile picture for user UB Photos