এতিয়া গেলেকনীৰ তলত ঐতিহাসিক ৰংঘৰ...

rang ghar

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰটো হৈছে এছিয়াৰ প্ৰথমটো পেভিলিয়ন। শিৱসাগৰবাসীৰ লগতে প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমানী এই ৰংঘৰ। কিন্তু এতিয়া অস্তিত্ব সংকটত পৰিছে এছিয়াৰ প্ৰথমটো পেভিলিয়ন। ৪দিন‌ ধৰি পানীৰ‌তলত ঐতিহাসিক ৰংঘৰ। 

উল্লেখ্য যে, শনিবাৰ পৰা অহা ধাৰাবাহিক বৰষুণে ফলত পানীৰে উপচি পৰিছে ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰৰ চৌহদ। ৪ টাকৈ দিন‌পাৰ‌ হৈ যোৱাৰ‌ পিছতো কাণহাৰ‌ নাই কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ। পানী নিষ্কাশনৰ বাবে লোৱা নাই কোনো ব্যৱস্থা, যাৰ‌বাবে এতিয়া সৰব হৈ পৰিছে শিৱসাগৰবাসী তথা দল- সংগঠন। আচলতে, কাৰ‌ ভুলৰ‌ বাবে কৃত্ৰিম বানৰ‌ কৱলত ৰংঘৰৰ চৌহদ!

আনহাতে, ৰংঘৰৰ ঠিক পিছফালে ৰূপহী পথাৰত ৮০ বিঘাৰো অধিক ভূমি সামৰি ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পৰ কাম চলি আছে। পুতি পেলোৱা হৈছে ৰূপহী পথাৰ। এই প্ৰকল্প নিৰ্মাণৰ কাম চলি থকাৰ‌ বাবে বৰষুণৰ পানী ওলাই যোৱা ব্যৱস্থা নথকাত আজি ৰংঘৰৰ এই দুৰৱস্থা।। মাটিৰে ভৰি পৰিছে পানী ওলাই যোৱা নলা সমূহ। ঐতিহাসিক সম্পদৰাজি সংৰক্ষণত পুৰাতত্ত্ব বিভাগৰ হেমাহি আৰু জিলা প্ৰশাসনৰ চুড়ান্ত অমনোযোগিতাৰ অভিযোগ দল-সংগঠনৰ।

এতিয়া প্ৰশ্ন হয়, ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পূৰ্বে এই সমূহ পৰিকল্পনা আছিল নে? ইতিমধ্যে অমৃত ঐতিহ্যক্ষেত্ৰ শ্ৰেণীৰ স্বীকৃতি লাভ কৰিছে শিৱসাগৰে।

মুখ্যমন্ত্ৰীয়ে টুইট কৰা অনুসৰি, দেশৰ ৪২ গন্তব্য স্থানৰ ভিতৰত  এই স্বীকৃতিয়ে শিৱসাগৰত পৰ্যটনৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব সঁচা। পিছে পৰ্যটক আহি দেখিবহি কি? এই দুৰৱস্থা প্ৰত্যক্ষ কৰিয়ে উভটিব লাগিব নেকি পৰ্যটক।

Category