Accident

দেৰগাঁৱৰ দু্ৰ্ঘটনাত শোকাৱহভাৱে মৃত্যুক আঁকোৱালি লোৱা বছা বকটিয়াল জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শুভাংকৰ শইকীয়াক শুকুৰবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদ্যালয়খনৰ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰীসকলে।

অতি মেধাৱী ছাত্ৰজনৰ এনে অকাল বিয়োগত শোকবিহ্বল হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল। 

ঘটনাৰ তিনিদিন পিছতো বিদ্যালয়ত প্ৰৱেশ কৰিলেই কান্দোনত ভাগি পৰে সকলো। অষ্টম শ্ৰেণীৰ ছাত্ৰ শুভাংকৰে অকল পঢ়া-শুনাতে নহয়, খেল-ধেমালিতো অৰ্জন কৰিছিল বিশেষ সফলতা।

শুকুৰবাৰে অশ্ৰুসিক্ত নয়নেৰে আটাইয়ে মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায়।