ইটোৰ পিছত সিটো বেয়া খবৰ! দুৰ্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পন্তৰ বাহন, কথমপি প্ৰাণ ৰক্ষা ক্ৰিকেটাৰ গৰাকীৰ

Risabh Pant

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ঋষভ পন্তৰ বাহন দুৰ্ঘটনাত পতিত। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ক্ৰিকেটাৰগৰাকীৰ। উত্তৰাখণ্ডৰ ৰুৰকীত সংঘটিত হয় এই দুৰ্ঘটনা। উত্তৰাখণ্ডৰ পৰা দিল্লীলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় পন্তৰ বাহনখন। খবৰ অনুসৰি, দুৰ্ঘটনাৰ ফলত ঋষভ পন্তৰ মাৰ্চিডিজ বাহনখন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতে দপদপকৈ জ্বলি উঠে বাহনখন। স্থানীয় লোকে শীঘ্ৰে এম্বুলেঞ্চ মাতি ক্ৰিকেটাৰগৰাকীক হাস্পতালত ভৰ্তি কৰায়। পিছত ঋষভ পন্তক ডেৰাদুনৰ মেক্স হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

দুৰ্ঘটনাৰ পিছত ঋষভ পন্তৰ মন্তব্য আহিছে। কিদৰে এই দুৰ্ঘটনা সংঘটিত হল আৰু গাড়ীৰ পৰা কেনেকৈ ওলাবলৈ সক্ষম হল সেই সম্পৰ্কে মন্তব্য কৰিছে ক্ৰিকেটাৰজনে। গাড়ীৰ পৰা ওলোৱাত কিছু পলম হলেই এক ডাঙৰ অঘটন সংঘটিত হোৱাৰ সম্ভাৱনা আছিল। কিয়নো দুৰ্ঘটনাৰ পিছতে বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অৱশ্যে বৰ্তমান বিপদমুক্ত ঋষভ পন্ত

ষঋভ পন্তে কয় যে বাহনখন তেওঁ নিজেই চলাইছিল। গাড়ী চলাই থাকোতে তেওঁৰ সামান্য টোপনি আহিছিল। যাৰ ফলত বাহনখনে ডিভাইডাৰত খুন্দা মাৰে আৰু এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। তেওঁ কয় যে দুৰ্ঘটনাকৰ পিছত উইণ্ডস্ক্ৰীণ ভাঙি বাহিৰলৈ ওলাইছিল। চিকিৎসকৰ মতে, ঋষভ পন্তৰ শৰীৰত গুৰুতৰ আঘাত নাই। মূৰত আঘাত পাইছে তেওঁ। সোঁভৰিত ফ্ৰেকচাৰ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান পন্ত ডেৰাদুনৰ মেক্স হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে।

Category
Profile picture for user UB Photos